প্ৰশ্ন : প্ৰথম অসমীয়া ভাৰতৰত্ন প্ৰাপ্ত ব্যক্তিজন কোন?
উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰশ্ন : পৃথিৱীৰ ভূ-খণ্ডৰ মুঠ কালি কিমান?
উত্তৰ : ১৪৮.৯ নিযুত বৰ্গ কিঃমিঃ।

প্ৰশ্ন : কোন গৰাকী নাবিকে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰথম প্ৰমাণ কৰিছিল?
উত্তৰ : ফাৰ্ডিনাণ্ড মেগেল্যান।

প্ৰশ্ন : পৃথিৱীৰ বৃহত্তম জাগ্ৰত আগ্নেয়গিৰিটো কি?
উত্তৰ : হাৱাই দ্বীপৰ মাউনা ল’ৱা।

প্ৰশ্ন : পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আগ্নেয়গিৰি থকা দেশখন কি?
উত্তৰ : ইন্দোনেচিয়া (মুঠ ৯৬৭ টা)।

প্ৰশ্ন : তেজষ্ক্ৰিয় কাৰ্বনৰ সহায়ত বয়স নিৰুপন পদ্ধতি কোনে উদ্ভাৱন কৰে?
উত্তৰ : মৰ্কিন বিজ্ঞানী উইলৰ্ড লিবিয়ে।

প্ৰশ্ন : ভূ-পৃষ্ঠৰ সৰ্বাধিক পৰিমাণত থকা ধাতুবিধ কি?
উত্তৰ : এলুমিনিয়াম (৮.১ শতাংশ)।

প্ৰশ্ন : ভাৰতৰ ভৌগোলিক মানচিত্ৰ সমূহ কোনে প্ৰস্তুত কৰে?
উত্তৰ : ছাৰ্ভে অব ইণ্ডিয়া।

প্ৰশ্ন : চন্দ্ৰৰ পৰা অনা শিলাত কিমান বিধ ধাতু চিনাক্ত কৰা হৈছে?
উত্তৰ : ১৬ বিধ।

প্ৰশ্ন : ধাতুৰ ৰজা কাক কোৱা হয়?
উত্তৰ : লো-তীখা।

প্ৰশ্ন : আটাইতকৈ উৎকৃষ্ট মানৰ কয়লাবিধ কি?
উত্তৰ : এনথ্ৰেছাইট।

প্ৰশ্ন : ভূমিকম্পৰ উৎসৰ পৰা নিৰ্গত হোৱা শক্তি সকলো দিশতে কিদৰে বিয়পি পৰে?
উত্তৰ : স্থিতিস্থাপক তৰংগ হিচাপে।

প্ৰশ্ন : ‘Geology of India’ নামৰ পুথিখন কেতিয়া কোনে ৰচনা কৰিছিল?
উত্তৰ : ১৯১৯ চনত দাৰোচা নচেৰান ৱাডিয়াই।

প্ৰশ্ন : আমেৰিকাৰ কল’ৰাডো নদীত থকা বিখ্যাত গ্ৰেণ্ড কেনিয়নৰ প্ৰস্থতা কিমান?
উত্তৰ : ১৩১৫ মিটাৰ গভীৰতাত প্ৰায় ৩৪৯ মিটাৰ।

প্ৰশ্ন : অয়ল ইণ্ডিয়া (Oil India) কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৫৯ চনত।

প্ৰশ্ন : O.N.G.C. কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৫৬ চনত।

প্ৰশ্ন : অসমত কয়লা কোনে প্ৰথম আৱিষ্কাৰ কৰিছিল?
উত্তৰ : উইলক্স নামৰ এজন সামৰিক বিষয়াই দিচাং নদীয়েদি উজাই গৈ কয়লাক্ষেত্ৰ আৱিষ্কাৰ কৰে।

প্ৰশ্ন : অসমৰ ডিগবৈত তৈলক্ষত্ৰৰ প্ৰকৃত আৱিষ্কাৰক কোন আছিল?
উত্তৰ : এটা হাতী।

প্ৰশ্ন : অসমত প্ৰথম তেলৰ কূপটো কোনে কেতিয়া খান্দিছিল?
উত্তৰ : ষ্টুৱাৰ্ট কোম্পানীৰ গুড এনাফ নামৰ এজন বিষয়াই ১৮৬৬ চনত নাহৰপুং নামৰ ঠাইত।

প্ৰশ্ন : অসমৰ আটাইতকৈ উচ্চ অঞ্চলটোৰ নাম কি?
উত্তৰ : লাইছং (উত্তৰ কাছাৰ)।

প্ৰশ্ন : ভূত্বকৰ দুখন ফলক বা প্লেটৰ সীমাত থকা অথচ ভূমিকম্প নোহোৱা অঞ্চলক কি কোৱা হয়?
উত্তৰ : ভূকম্প ফাঁক।

প্ৰশ্ন : মৰুভূমিৰ মাটি অনুৰ্বৰ হয় কিয়?
উত্তৰ : ছডিয়াম, পটেছিয়াম আদি খাৰধৰ্মী যৌগৰ প্ৰাচুৰ্য্যতাৰ বাবে।

প্ৰশ্ন : ভূত্বক ভেদ কৰি ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা উত্তপ্ত পদাৰ্থ শীতল হৈ সৃষ্টিহোৱা শিলক কি কোৱা হয়?
উত্তৰ : বৰ্হিভেদী শিলা।

প্ৰশ্ন : বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?
উত্তৰ : Pacific Ocean

প্ৰশ্ন : সৰ্বপ্ৰথম কোন দেশত কিতাপ ছপা কৰা হৈছিল?
উত্তৰ : চীন দেশত।

প্ৰশ্ন : ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ : ড° আবুল পকীৰ জয়নুলাবুদিন আব্দুল কালাম।

প্ৰশ্ন : ভাৰতত কেতিয়া ক’ত প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়া হয়?
উত্তৰ : ১৯৮৬ চনৰ ৬ আগষ্টত এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালত ডা ইন্দিৰা হিন্দুজাৰ দ্বাৰা প্ৰথম টেষ্টটিউব বেবী ‘হৰ্ষ’ৰ জন্ম দিয়া হয়।

প্ৰশ্ন : ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন?
উত্তৰ : ভূপেন হাজৰিকা সেতুঁ লুইত নৈৰ ওপৰত 9,150 মিঃ দীঘল) ।

প্ৰশ্ন : পৃথিৱীৰ আটাইতকৈ দীঘল প্ৰাণী বিধ কি?
উত্তৰ : প্ৰাণীবিধৰ নাম হ'ল লিনিয়াচ লংগিচিমাচ (Lineus Longissimus); ই ১৮০ ফুট (৫৫ মিটাৰ) পর্যন্ত দীঘল হয় ।

প্ৰশ্ন : কেতিয়াৰ পৰা দেওবাৰৰ দিনটো ভাৰতত বন্ধৰ দিন/কৰ্ম বিৰতিৰ দিন হিচাপে পালন কৰি অহা হৈছে?
উত্তৰ : ১৮৭৪ চনৰ জানুৱাৰী মাহৰ ১২ তাৰিখৰ পৰা।

প্ৰশ্ন : অসমৰ চৰকাৰী ভাষা কি?
উত্তৰ : অসমীয়া।

প্ৰশ্ন : অসমত থকা আটাইতকৈ ওখ পৰ্বত মালাটো কি?
উত্তৰ : বৰাইল পৰ্বতমালা।

প্ৰশ্ন : অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?
উত্তৰ : ভাত।

প্ৰশ্ন : অসমৰ জনবহুল মহানগৰী কোন খন?
উত্তৰ : গুৱাহাটী।

প্ৰশ্ন : গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠান খন কি?
উত্তৰ : কটন কলেজ।

প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন : পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক’ত আছে?
উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ডিগবৈ তেল শোধনাগাৰ, ভাৰতীয় তেল শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেচন লিমিটেডৰ অধীনত ১৮৯০ চনত স্থাপিত হৈছিল।

প্ৰশ্ন : “অসমীয়া মহিলাই কাপোৰত সপোন ৰচে” – বুলি কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল?
উত্তৰ : মহাত্মা গান্ধীয়ে।

প্ৰশ্ন : ১৯৯৬ চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ‘ৰেংলাৰ’ (Wranglar) উপাধি লাভ কৰিছিল?
উত্তৰ : অনুপম শইকীয়া।

প্ৰশ্ন : ‘জাতিংগা’ কিহৰ কাৰণে বিখ্যাত?
উত্তৰ : জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত আত্মাহুতি দিয়ে।

প্ৰশ্ন : বিশ্বৰ বৃহত্তম নদী-দ্বীপ হ’ল ‘মাজুলী’ আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদী-দ্বীপটো কি?
উত্তৰ : উমানন্দ।

প্ৰশ্ন : ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত অৱস্থিত?
উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

প্ৰশ্ন : ‘অসমৰ খাজুৰাহো’ বুলি পৰিচিত মন্দিৰটোৰ নাম কি?
উত্তৰ : মদন কামদেৱ।

প্ৰশ্ন : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়?
উত্তৰ : অসমৰ ডিগবৈত (১৮৮৯ চনত)।

প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈ ক’ৰ পৰা উৎপত্তি হৈছে?
উত্তৰ : তামচুক খামবাব গ্লেছিয়াৰৰ পৰা।

প্ৰশ্ন : অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল?
উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

প্ৰশ্ন : কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয়?
উত্তৰ : কামাখ্যা মন্দিৰ (গুৱাহাটী)।

প্ৰশ্ন : ‘বৰদলৈ ট্ৰফী’ কোনবিধ খেলৰ লগত জড়িত?
উত্তৰ : ফুটবল।

প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘Water Scott’ বুলি কাক জনা যায়?
উত্তৰ : ৰজনীকান্ত বৰদলৈ।

প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসমলৈ কোন চনত আহিছিল?
উত্তৰ : ১৯২১ চনত।

প্ৰশ্ন : আহোম সকলৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজধানী ক’ত আছিল?
উত্তৰ : চৰাইদেউত।

প্ৰশ্ন : অসমত ‘ল’ৰা ৰজা’ বুলি কাক কোৱা হৈছিল?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিক্‌ফা।

প্ৰশ্ন : কামৰুপ জিলাৰ বিমান বন্দৰটোৰ নাম কি?
উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰশ্ন : অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক’ত আছিল?
উত্তৰ : শ্বিলঙত।

প্ৰশ্ন : অসমৰ একমাত্ৰ ‘ষ্টক এক্সেঞ্জ’ টো ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ এটি নৃত্য বা কলাই ২০০০ চনত ৰাষ্ট্ৰীয় নৃত্যৰুপে স্বীকৃতি লাভ কৰে? নৃত্য বিধৰ নাম কি?
উত্তৰ : সত্ৰীয়া নৃত্য।

প্ৰশ্ন : অসমৰ জাতীয় উৎসন কি?
উত্তৰ :বিহু।

প্ৰশ্ন : অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি?
উত্তৰ : কামাখ্যা মন্দিৰ।

প্ৰশ্ন : সৰ্বশেষ আহোম ৰজা জনৰ নাম কি আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ।

প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।

প্ৰশ্ন :প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন?
উত্তৰ : নিধি লেভি ফাৰৱেল (Nidhi lavy Farwell)।

প্ৰশ্ন : প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ : ১৮৪৬ চনত।

প্ৰশ্ন : শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?
উত্তৰ : ১৬৭১ চনত।

প্ৰশ্ন : অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল?
উত্তৰ : আনন্দৰাম বৰুৱা।

প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?
উত্তৰ : হাইলাকান্দি।

প্ৰশ্ন : তাৰকাগৃহ অসমৰ কোন ঠাইত অৱস্থিত?
উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ কোন খন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ : নীলাচল পাহাৰত।

প্ৰশ্ন : ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?
উত্তৰ : বিহু নৃত্য।

প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত?
উত্তৰ : বঙ্গোপসাগৰ।

প্ৰশ্ন : অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?
উত্তৰ : যোৰহাট।

প্ৰশ্ন : অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক’ত অৱস্থিত?
উত্তৰ : ১৯৪০ চনত, গুৱাহাটীত।

প্ৰশ্ন : অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?
উত্তৰ : তেজপুৰত।

প্ৰশ্ন : কোনটো চনত অসমত কাগজ কল স্থাপন হয়?
উত্তৰ : ১৯৭১ চনত।

প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?
উত্তৰ : শিলঘাটত।

প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?
উত্তৰ : বোকাজানত।

প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?
উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯৪৭ চনত।

প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?
উত্তৰ : ১৯০১ চনত।

প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?
উত্তৰ : ডিগবৈত।

প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?
উত্তৰ : মহাভৈৰৱ মন্দিৰ।

প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?
উত্তৰ : বড়ো।

প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?
উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।

প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উত্তৰ : ডেৰগাঁও।

প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?
উত্তৰ : পাৰ্বতী বৰুৱা।

প্ৰশ্ন : অসমৰ কোন খন ভিতৰুৱা ঠাইত ৰে’ল লাইন বনোৱা এজেঞ্চি আছে?
উত্তৰ : শদিয়া, উত্তৰ লক্ষীমপুৰ জিলাবক’ত আছে?

প্ৰশ্ন : ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল?
উত্তৰ : কলকাতা

প্ৰশ্ন : পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?
উত্তৰ : জাপান।

প্ৰশ্ন : বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?
উত্তৰ : কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।

প্ৰশ্ন : অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?
উত্তৰ : ডিবগৈ

প্ৰশ্ন : বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে
উত্তৰ : জনসমতা ৰক্ষা কৰে।

প্ৰশ্ন : কোনবিধ কয়লা সৰ্বোত্তম?
উত্তৰ : এনথ্ৰাচাইট।

প্ৰশ্ন : ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰ : বাঙ্গালোৰত

প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?
উত্তৰ :  জে. আৰ. ডি. টাটা।

প্ৰশ্ন : নাছা (NASA) ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ :  ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ প্ৰাধিকৰণ (National Aeronautics and Space Administration)।

প্ৰশ্ন : বগা কয়লা কি?
উত্তৰ :  জল – বিদ্যুৎ।

প্ৰশ্ন : ভাৰতৰ কোন বিধ পক্ষীক পৃথিৱীৰ সংৰক্ষিত পক্ষীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে?
উত্তৰ :  শগুণ।

প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?
উত্তৰ :  জে. আৰ. ডি. টাটা।